পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫০
 

গুৰু–চৰিত

আছে সেহি গ্ৰামে আন বৰ বৰ লোক।
তাৰ কথা কহো কাণপাতি শুনিয়োক॥
তাসম্বাৰ বান্দী–বন্ধা অনেক আছয়।
সিসবৰ দশ পঞ্চ আছয় তনয়॥২৫৫৬
গিৰি–বান্দীসবে যেৰবে খাই উঠে ভাত।
পাতে পাতে চুৱা অন্ন পৰি থাকে তাত॥
বান্দীসবে থৱে তাক কঠৱাাত কৰি।
ৰাত্ৰি ভৈলে চিকা খাই থাকে তাত পৰি॥২৫৫৭
লোতপোত কৰি তিতা বুৰা হুয়া যাই।
বান্দীৰ ছোৱালে পাচে সেই অন্ন খাই॥
চুৱাপাত সমে পৰি থাকয় পতনি।
পানীসব পাচে গৰীয়াৰ লাদ আনি॥২৫৫৭
তিনিবাৰ ঠাইখিনি কৰয় মাৰ্জ্জন।
তেবে শুদ্ধ হোৱে কৱে বেদৰ বচন॥
হেন গৰীয়াক নিন্দা কৰা কিবা জানি।
বিচাৰি চাহিয়ো হোৱে নহে বেদবাণী॥২৫৫৯
গোবৰ পানীয়ে চুৱা ঠাইক লেপয়।
তিনি আঙ্গুলিৰ থল পৱিত্ৰ হোৱয়॥
গৰুৰ গোবৰ শুদ্ধ কৰে সৰ্বপ্ৰাণী।
বিচাৰ নকৰি নিন্দা কৰা কিবা জানি॥২৫৬০
হেন নি হাসিলন্ত ৰাজা–প্ৰজাগণে।
লজ্জা হুয় ৰৈল দ্বিজ বিবৰ্ণ বদনে॥