পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪৫
 
চতুৰ্থ খণ্ড

শুনি নাৰায়ণে পাচে সুমিৰ মনত।
কৰিকৃত গীত গান্ত শঙ্কৰ আগত॥২৫২৮
বিলাপ কৰিয়া কান্দে দেৱী ৰুকমিণী।
কোন অঙ্গ খুন দেখি নাসিলা পদ্মপাণি॥
আৰ গাইবে নেদিলা শঙ্কৰ মহামতি।
জানিলোহো নাৰায়ণ সিটো অল্পমতি॥২৫২৯
গীততে জানিলো কাম বশ্য ইটো জন।
আন কোন আছে কহিয়োক নাৰায়ণ॥
শুনি নাৰায়ণে পাচে বুলিলা বচন।
আছয় চৌকীয়া মাজী নামে একজন॥২৫৩০
পানীশালা অন্নদান লোকক কৰয়।
শঙ্কৰে বোলন্ত ইয়ো গৃহস্থৰ নয়॥
হেন শুনি পাচে নাৰায়ণে মাতিলন্ত।
বৰনদী পৰা জানো কমতা পৰ্য্যন্ত॥২৫৩১
জয়ন্তী গ্ৰামত আছা মাধৱ বিশেষ।
তোমাবেক পাইলে তেহো লৈলা উপদেশ॥
তান্ত পৰে জাৰ নেদেখোহে আনজন।
শুনিয়া শঙ্কৰে পাচে বুলিলা বচন॥২৫৩২
তুমি যাক বোলাহা হুইবে সিটো ভাল।
হও দেখা দেখি তাঙ্ক আনিয়ো সকাল॥
নাৰায়ণে পুছিলন্ত শঙ্কৰদেৱত।
তোমাথেৰ ৰাজ্যে আছে কতেক ভকত॥২৫৩৩