পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৪
 
গুৰু-চৰিত

হাতত কপৰা লৈ তাম্বুল ভুঞ্জন্ত।
লগৰ মনুষ্য গৈয়া বাৰ্ত্তা কহিলন্ত॥
উত্তম মনুষ্য গুটি আসিছা দেখিত।
চৰণত পৰি নমস্কাৰ কৰিলন্ত॥২৫২৩
নাৰায়ণ স্মৰি বাক্য বুলি শঙ্কৰ।
ইয়ে ৰাজ্যে কঠিয়া আছয় ভকতৰ॥
অত্যন্ত সুন্দৰ দেহা শঙ্কৰে দেখিলা৷
বয়সতো অল্প দেখি সাদৰে পুছিলা॥২৫২৪
কিবা নাম কহিয়োক শুনিযে আনন্দ।
কহিলন্ত পিতৃদত্ত নাম ভৱানন্দ॥
শঙ্কৰে হৰিষে পাচে বুনিলা বচন।
ময়ো তোমাথেৰ নাম থৈলো নাৰায়ণ॥২৫২৫
অকস্মাতে নাৰায়ণ শব্দ আমি কৈলো।
এতেকে তোমাৰ নাম নাৰায়ণ থৈলো॥
পুনু নাৰায়ণে নমস্কাৰ কৰিলন্ত।
অনন্তৰে শঙ্কৰ আগতে বসিলন্ত॥২৫২৬
নাৰায়ণো বসিলন্ত পুছিলা শঙ্কৰ৷
ইটো ৰাজ্যে উত্তম আছয় কোন নৰ॥
নাৰায়ণে কহিলন্ত চৰণত পৰি।
আছে একজন পীতাম্বৰ নাম ধৰি॥২৫২৭
শঙ্কৰে বোলন্ত কেন কবিতা কৰয়।
গোৱা নাৰায়ণ শুনো গীতৰ অন্বয়॥