পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৯
চতুৰ্থ খণ্ড

তাহাৰ তলত নিয়া নৌকাক চপাইলা।
আপুনি শঙ্কৰদেৱ বসাক উঠিলা॥২৪৯৬
গাৱে গাৱে চই তুলি সাইলেক বৰ।
বাসা লৈয়া থাকিলেক নিৰন্তৰ নৰ॥
হাবি কাটি মুকলি কৰিলা সিটো ঠাই।
বাৰাদীৰ পৰা মাধৱেও তৈকে যাই॥
মাসেকৰ ওচৰ চাপিল যেবে আসি।
ফুৰন্ত মাধৱদেৱে কঢ়িক অণ্বেষি॥
শুনিয়োক কথা আবে আত অনন্তৰ।
কি কাৰণে ইটো ৰাজ্যে আসিলা শঙ্কৰ॥২৪৯৮
নাৰায়ণ নাম ভক্ত বিদিত জগতে।
তেহা শঙ্কৰক লগ পাইলা যেনমতে॥
সিসব কথাক আবে শুনিয়ো সম্প্ৰতি।
সভ মধ্যে ব্যক্ত কৰি হৰিৰ ভকতি॥২৪৯৯
পৰম হৰিৰে ঘৰে আছিলা শঙ্কৰ।
মিলিল ঘটনা এক শুনা আতপৰ॥
ধুঞাহাটা গ্ৰামে পূৰ্ব্বে আছিলা শঙ্কৰ।
গীতত ৰসিক এক ব্ৰাহ্মণ ভাস্কৰ॥২৫০০
শঙ্কৰৰ কৃত গীত গাইলা নানা মত।
পৰ বৈৰাগ্য ভৈল বিপ্ৰৰ মনত॥
শঙ্কৰত পাচে বিপ্ৰে বিদায় কৰিলা।
জগন্নাথ দৰশনে ক্ষেত্ৰে চলি গৈলা॥২৫০১