পৃষ্ঠা:গুৰুচৰিত.djvu/৫৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৪
 
গুৰু–চৰিত

পুনু পুনু মাধৱে বোলন্ত শঙ্কৰক।
নুঠিবা নুঠিবা মাধৱক দেই হাক॥
ইটো খানে উঠিলে নপাৰে যাইবাক।
সেহিসে কাৰণে মাধৱক দেই হাক॥২৪৬৯
ভক্তি প্ৰকাশিতে কামৰূপে আছে মন।
সেহি হেতু নুঠিলন্ত বৰদোৱা থান॥
অসমৰ দেশ ছাৰি কামৰূপ পাইলা।
ইটো কিবা দেশ বুলি লোকত পুছিল॥২৪৭০
লোকে বোল ইটো দেশ দৰঙ্গ যে নাম।
শঙ্কৰে বোলন্ত থাকিবাৰ নহে কাম॥
ইটো দেশ চাৰি কুৱাৰ ভাগ পাইলন্ত।
কিব খান বুলিয়া লোকত পুলিন্ত॥২০০১
কুৱাৰ নামে গ্ৰাম আছে ইটো ভাল নুই।
তাক ছাৰি গৈলা পাচে নদী ভাঠিয়াই॥
বনভাগ বৰভাগ এৰাই গৈলন্ত।
সিসবক ছাৰি খেহ দেশক পাইলন্ত॥২৪৭২
বুঢ়ীলৌহিত্যে গৈয়া বিল এক পাইলা।
তাহাৰ তীৰত নিয়া নাৱক ছপাইলা॥
কপলা নামত বিল জগতে প্ৰখ্যাত।
হয় শঙ্কৰেও বঞ্চিলন্ত তাত॥২৪৭৩
পৰিল কাৰ্তিক মাস মৎস্য বৰ পাই।
খাইলেক সকল লোকে তৃপিতি পলাই॥