পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৩
চতুৰ্থ খণ্ড

মাধৱক দেখি দেয় শঙ্কৰে পুছিলা।
এখন মাধৱ আইলা তাত কি কৰিলা॥২৪৬৩
মাধৱে বোলন্ত যৈত নৰহিলা তুমি।
ভৈত কি ভোজন কৰিবো প্ৰভু আমি॥
শঙ্কৰে বােলন্ত তেবে অকাৰ্য্য কৰিলাে।
কুটবুদ্ধি কৰি মই ভাঠিয়ে আহিলাে॥২০৬৪
মই বােলো মাধৱে ভােজন কৰিলন্ত।
পাচতলে আমাৰ পাশক আসিবন্ত॥
এহ্ন কৰি ভাত এৰি আসিবাহা যেবে।
আমিতাে তহিতে বঞ্চিলোহো হন্তে তেবে॥২৪৬৫
আৰো নানাবিধ তৈতে বচন বুলিলা।
কৃষ্ণৰ কথাতে সিটো ৰজনী পােৱাইলা॥
ৰজনী পােহাইল দেখি নৌকাক মেলিল।
তাৰপৰা গৈয়া সিদ্ধৰীৰ ঘাট পাইল॥২৪৬৬
মাধৱত পূৰ্ব্বকথা কহিল শঙ্কৰ।
পূ্ৰ্ব্ব জন্মভিঠা আছে জানা আমাসাৰ॥
উত্তৰত সিদ্ধৰী দক্ষিণে বৰদোৱা।
সেহি থানে আশিলন্ত জানা বাঢ়ভূঞা॥২৪৬৭
গঙ্গা শান্তীধৰ আছে জানাে চিহ্ন যত।
শুনিয়া মাধৱে কথা পুছে শঙ্কৰত॥
উঠিয়োক বাপ তেবে সেহি চিহ্ন চাওঁ।
শঙ্কৰে বােলন্ত আৰ সিঠাইক নযাওঁ॥২৪৬৮