পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২৬
গুৰু-চৰিত

সেহি বাক্য পালিয়া কাটা খাণ্ডাত গৈলন্ত ।
গৃহু–বাৰী লৈয়া পুনু শঙ্কৰ আছন্ত ॥
মাধ সহিকে তথা আছন্ত শঙ্কৰ ।
সেহি থানে বহি গৈল চৌদ্ধয় বৎসৰ ॥২৪২৫
অনন্তৰে যেন ভৈলা তাক শুনিয়োক ।
অসম ৰাজাত খল দিয়া বিপ্ৰলোক ॥
শূদ্ৰ একগোটা নামে শঙ্কৰ আছয় ।
শ্ৰাদ্ধ বিধি কৰিবাক লোকক নেদায় ॥২৪২৬
পাষণ্ড আচাৰ লোক নষ্ট কৰিলেক ।
নিৰন্তৰে লোক স্বধৰ্ম্মক এৰিলেক ॥
হেন শুনি ৰাজা শঙ্কৰক নিয়াইলেক ।
দ্বিজগণ সমে তাৰ চাঙ্গে তুলিলেক ॥২৪২৭
দুৱাৰাক বোলে কথা পুছ শঙ্কৰত ।
ৰাজ্য নষ্ট কৰিলেক হয় দ্বিজ যত ॥
দুৱাৰা আসিয়া পুছিলেক শঙ্কৰক ।
বোলয় শঙ্কৰে পুছা ব্ৰাহ্মণসবক ॥২৪২৯
কেনমতে মোত হতে ৰাজ্য নষ্ট হয় ।
শুনি দ্বিজসকলক দুৱাৰা বোলয় ॥
শুনিয়ো ব্ৰাক্ষণসব কহিয়োক নিষ্ট ।
কেনমতে শঙ্কৰে ৰাজ্যক কৰে নষ্ট ॥২৪২৯
দ্বিজগণে বোলয় শঙ্কৰে দেই হক ।
সমস্ত লোকক শ্ৰাদ্ধ বিধি কৰিবাক ॥