পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২৫
চতুর্থ খণ্ড

ভৈল যুদ্ধকাল মিত্ৰ আসোক সম্বৰে।
দূত বাক্য শুনি বীৰে কটাক্ষ নকৰে॥২৪১৯
তথাপি পঠাৱে দূত নসাধয় কাম।
সুগ্ৰীৱক কোপ কৰিলন্ত পাচে ৰাম॥
লক্ষ্মণক বোল কাটিয়ো শীঘ্ৰে মাথা।
আন কালে যেন নকৰয় ইটো কথা॥২৪২০
ৰাম আজ্ঞা লৈয়া লক্ষণেয়ো খাণ্ডা ধৰি।
মহাক্ৰোধে পাইল গৈয়া কিষ্কিন্ধ্যা নগৰী॥
গৰ্জ্জিয়া বোলয় শুনা লটক বানৰ।
তোক কাটিবাক আজ্ঞা ভৈলাহ ৰামৰ॥২৪২১
লক্ষণৰ ক্ৰোধ দেখি কম্পিল সুগ্ৰীৱ
তাৰা-লোমা কম্পে উৰে সুসেনৰ জীৱ॥
পতি সমে লক্ষ্মণৰ চৰণে পৰিলা।
অনেক মিনতি তুতি কৰিয়া প্ৰাৰ্থিলা॥২৪২২
সুগ্ৰীৱৰ তুতিত লক্ষ্মণ সন্তোষিলা।
সসৈন্যে সহিতে নিয়া ৰামত ভেণ্টাইলা॥
প্ৰাণমিত্ৰ বুলি ৰামে আশ্বাস কৰিলা।
ৰাৱণক মাৰি সীতা অযোধ্যাক নিলা॥২৪২৩
লক্ষ্মণৰ ৰাজ্যভোগ ভুঞ্জিবে আছিল।
কলিকালে অসমত ৰাজা আসি ভৈল॥
বাঢ়ভূঞা সম বীৰ নাহি ত্ৰিভুৱনে।
হৰি বংশ নভৈলে জিনিব পাৰে কোনে॥২৪২৪