পৃষ্ঠা:গুৰুচৰিত.djvu/৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩)

 শ্ৰীমদ্ভাগৱতত মহাপুৰুষ অৰ্থে এক পৰমেশ্বৰকেই বুজাইছে।
আমাৰ দেশত প্ৰচলিত হোৱা বৈষ্ণৱ ধৰ্ম্ম এক ঈশ্বৰ-সেৱা ধৰ্ম্ম;
এই কাৰণে আমাৰ ধৰ্ম্মক মহাপুৰুষীয়া ধৰ্ম্ম বোলা কাৰণ হব পায়।
আমাৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম্মত ব্ৰাহ্মণ্য ধৰ্ম্মৰ প্ৰাধান্য নাই; ইয়াৰ
আচাৰ্য্য যেই সেই বৰ্ণৰ লোকেই হব পাৰে, সকলো বৰ্ণৰ ধৰ্ম্মাচাৰ্য্যৰ
সমান আসন — বৰ্ণ লোকিই উচ্চ-নীচ নাই। আমাৰ দেশৰ মহাপুৰুষীয়া-
সকল সামিষভোজী-তেওঁলোকে একাদশী-অমাৱস্যাত ফলাহাৰ কৰি
ব্ৰত কৰে।

 আমাৰ এই ভাগৱতী ধৰ্ম্ম পৰৱৰ্তী কালত প্ৰচাৰকৰ নামানুসৰি
কেইবাটাও নামত নামকৰণ হয়। যেনে—
  দামোদৰী (দামোদৰ দেৱৰপৰা বঢ়া)
  হৰিদেৱী (শ্ৰীশ্ৰীহৰিহৰদেৱৰপৰা বঢ়া)।
  ঠাকুৰীয়া (শ্ৰীশ্ৰী গোপাল আতাৰপৰা বঢ়া)।
 এইবোৰ আকৌ কেইটামান সংহতিত বিভক্ত হয়; যেনে-পুৰুষ
সংহতি, ব্ৰহ্মসংহতি, কালসংহতি ইত্যাদি।
 মহাপুৰুষীয়া ধৰ্ম্ম-প্ৰকাশক শ্ৰীমন্ত শঙ্কৰদেৱ—তেওঁ হিন্দুশাস্ত্ৰবোৰ
মন্থন কৰি' এই দেশৰ হাৱাপানী সুজা বৈষ্ণৱ ধৰ্ম প্ৰকাশ কৰে।
তেওঁ গোটেই ভাৰতবৰ্ষৰ প্ৰধান প্ৰধান তীৰ্থস্থানবোৰ ঘুৰি অনেক
সাধু-সন্ন্যাসীৰ লগত আলাপ-আলোচনা কৰি বিভিন্ন দেশৰ গীত-নাট
সুৰ-সঞ্চাৰ, বাদ্য শিকি আহি এই দেশত পূৰ্বৰ পৰা চলি অহা কৃষ্টিৰ
লগত সংমিশ্ৰণ কৰি প্ৰচলন কৰে; অৰ্থাৎ এই দেশত আগৰপৰা
চলি থকা ভাগৱতী ধৰ্মত ৰহণ দি নতুন ধৰ্মৰ দৰে প্ৰচাৰ কৰিছিল।
ধৰ্মত যিবোৰ আৰৰ্জনা পৰিছিল, তেওঁ সেইৰোৰ গুচাই নতুন উদাৰ
ভাৰ দি তাত প্ৰাণ দিছিল আৰু তাৰে ফলত সেই সময়তেই নতুন