পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮২
গুৰু-চৰিত


এহি কথামতে দুয়োজনে গৃহ পাইলা।
আসিল অষ্টমী তিথি মাধৱে জানিলা॥
দীপ ধূপ তাম্বুল চন্দন উপহাৰ।
কৰিলা মাধৱে আনো নৈবেদ্য সম্ভাৰ॥২২৪২
আপুনি কোদাল ধৰি পন্থ চাঞ্চিলন্ত।
অনন্তৰে ৰাম ৰাম গুৰু আসিলন্ত॥
পন্থে মাধৱক পাই বুলিলা বচন।
বেলি ভৈল এভো তুমি নকৰিয়ো স্নান॥ ২২৪৩
মাধৱে বোলন্ত গুৰু শুনা মোৰ বাক।
নৈবেদ্য উৰ্ছগি সবে দিলন্ত কৃষ্ণক॥
মাধৱো কৰিয়া স্নান গুৰুক নমিলা।
দিলন্ত নৈবেদ্য গুৰু নিজগৃহে গৈলা॥২২৪৪
অৰ্ধেক নৈবেদ্য লৈয়া অৰ্ধেক থৈলন্ত।
অৰ্ধেক নৈবেদ্য নৈয়া তেখনে গৈলন্ত॥
বসিয়া শঙ্কৰ তান খৈলন্ত আগত।
নমস্কাৰ কৰিলন্ত পৰি চৰণত॥২২৪৫
শঙ্কৰে বুলিলা পাছে চাহি মাধৱক।
আজি কেনে আনিলাহা দেৱ নৈবেদ্যক॥
কালিসে নৈবেদ্য সবে বিভঞ্জিবে পাই।
এহি বুলি মনৰ বুজন্ত অভিপ্ৰায়॥ ২২৪৬০
মাধৱে বোলন্ত দেৱী নৈবেদ্য নহয়।
কৃষ্ণক উচ্ছৰ্গি দিলা গুৰু কৃপাময়॥