পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮০
গুৰু-চৰিত


কোন কৰ্ম্মে তৰিবেক ঘোৰ সংসাৰত।
ইয়াৰ উপায় আবে কহিয়ো সাষ্প্ৰভ॥
শঙ্কৰে বোলন্ত মাধৱৰ মুখ চাই।
ভকতিৰ সাধন সৎসঙ্গ বিনে নাই॥ ২২৩১
ভাগৱত পুৰাণৰ যতেক সাধন।
সৎসঙ্গ ভক্তিৰ কথা শুনা দিয়া মন॥
প্ৰথমতে মহন্তৰ সেৱা কৰিবেক।
শুদ্ধভাৱে দেখি তান কপা মিলিবেক॥২২৩২
কহিবন্ত ধৰ্ম্ম ধৰিবেক শুদ্ধমতি।
হৰি কথা শ্ৰৱণত কৰি দৃঢ়মতি॥
কৃষ্ণন্ত হুইবে প্ৰেম দৃঢ়ভক্তি জাত।
দেহ ব্যতিৰেকে আত্ম জানিবা সাক্ষাত॥ ২২৩০
কৃষ্ণৰ পৰম কৃপা হুইবে তান প্ৰতি।
সৰ্ব্ব জ্ঞাত আদি গুণ জানিবা সম্প্ৰতি॥
সংসাৰ তৰিবাক যাৰ আছে মন।
প্ৰথমে কৰোক সাধুসেৱাৰ যতন॥ ২২৩৪
গুৰুসেৱাতেসে পাই ভকতি মুকুতি।
অন্যথা নপাৱে কৈলো শাস্ত্ৰৰ যুগুতি॥
ৰামৰায় আদি কৰি আছে যতজন।
দুইহন্তৰো সম্বাদ চাহিছা ৰঙ্গমন॥২২৩৫
শঙ্কৰৰ প্ৰৌঢ়ি বাণী শুনি মাধৱৰ।
গুচিল সংশয় যত আছিল যতৰ॥