পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৮
গুৰু-চৰিত


ঋষিগণে কৰে ইটো বেদক ব্যাখ্যান।
নিজ অৰ্থ ভকতিক ত্যজি কৰে আন॥
তপ জপ যজ্ঞ কৰি ব্ৰহ্মলোকে চৰে।
পুণ্যক্ষীণ ভৈলে দুনাই নৰকত পৰে॥ ২২২০
বেদমতে কৰ্ম্ম যদি অছিদ্ৰে কৰয়।
অৰ্পণা নভৈলে একো ফল নধৰয়॥
যদি ফল পাৰে তাৰ আছয় বিনাশ।
মহন্তসকলে তাত নকৰে বিশ্বাস॥২২২১
যজ্ঞ কৰি ধৰি আনি পণ্ডক ছেদয়।
অৰ্পণা নভৈলে একো ফল নধৰয়॥
যদি এহিজন কৰে স্বৰ্গক গমন।
নৰকত তেবে পৰিবেক কোন জন॥২২২২
কি কাৰ্য্যে কাটিলা বলি তাতো নাই আশ।
তম নৰকত চিৰকালে হোৱে বাস॥
সংসাৰত আয়াযাত নুগুচে জীৱৰ।
এতেকে প্ৰবৃত্তি পথ পৰম দুষ্কৰ॥ ২২২৩
শুনিয়োক কথা আবে কহো স্বৰূপত।
পুৰাণৰ সূৰ্য ইটো মহা ভাগৱত॥
ভাৰত জনোকা পকা প্ৰকাশ কৰয়।
যাৱত নুহিকা আসি চন্দ্ৰমা উদয়॥ ২২২৪
পূৰ্ব্ব দিকে সূৰ্য আসি ভৈলক উদয়।
জনোকা চন্দ্ৰৰ প্ৰকাশক নিবাৰয়॥