পৃষ্ঠা:গুৰুচৰিত.djvu/৪৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৩
চতুৰ্থ খণ্ড

ছত্ৰাকাৰ মাথা আতি কপাল সুসম।
প্ৰকাশয় মুখপদ্ম পূৰ্ণচন্দ্ৰ সম॥২১৯২
আজানুলম্বিত দুই বাহু মহাপুষ্ট।
বহুল হৃদয় দৰশনে মিলে তুষ্ট॥
যেন সুৰবৰ প্ৰকাশয় আনত।
দৰশনে সমস্তে পাতক হৱে হত॥২১৯৩
দেখি ৰামদাস মহা বিস্ময় ভৈলন্ত।
চৰণত পৰি নমস্কাৰ কৰিলন্ত॥
উঠিয়া হৰিবে পাচে আসনে বসিলা।
কি কাৰ্য্যে আসিছা বুলি শঙ্কৰে পুছিলা॥২১৯৪
আমাত বা তোমাত আছয় কিবা কাম।
কোন গ্ৰামে থাকিয়ো তোমাৰ কিবা নাম॥
শুনি ৰামদাস আতি নম্ৰকায় তৈল।
নমস্কাৰ কৰি কথা কহিবাক লৈল॥২১৯৫
হৰুৱাকুছিয়া বোলে নাম ৰামদাস।
উত্তম কায়স্থ কুল লোকত প্ৰকাশ॥
আছন্ত মাধৱ মোৰ তেন্তে হন্ত শ্যাল।
দেবী পূজা কৰিবাক লাগয় ছাগল॥২১৯৬
আসিল অষ্টমী দশপূজা পূজিবন্ত।
টকা দিয়া ছাগল কিনিবে পালিলন্ত॥
আপুনি গৈলন্ত গুৱাপান আনিবাক।
মই আসি আছোহো ছাগল কিনিবাক॥ ২১৯৭