পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৮
গুৰু-চৰিত

চকু মেলি চাহে দেখি পাচতে আহত।
নমস্কাৰ কৰিয়া তিনিয়ে পুছিলন্ত ॥২০৮৭
কিবা স্বৰ্গ বৈকুণ্ঠ নিশ্চয় নাজানিলো।
কিবা দৃষ্টে কিবা আমি সপোন দেখিলো॥
তুমিসে ঈশ্বৰ প্ৰভু জগতৰ নাথ।
সুৰাসুৰসকলে প্ৰণামে দমাই মাখ॥ ২০৮৮
তোমাৰ মহিমা আজি দেখিলো বিস্তৰ।
তযু সঙ্গে আমাক আনিলা দামোদৰ॥
তোমাৰ প্ৰসাদে তীৰ্থ বহুত দেখিলো।
বৈকুণ্ঠ সদৃশ দ্বাৰকাক দেখা পাইলো॥ ২০৮৯
যমুনাক স্নানিবাক কৰিয়ো যতন।
শুনিয়া শঙ্কৰে লৰিলন্ত তেতিক্ষণ॥
মধুৰাৰ দক্ষিণ পশ্চিমে তীৰ্থ পাই।
কৰিলন্ত স্নান দান যমুনাত যাই॥২০৯০
তাতো জলাঞ্জলি কৰিলন্ত মহাশয়।
পূৰ্ণ বৃন্দাবন লাগি ৰঙ্গে লৰিলয়॥
পথে যান্তে পুনু দেখিলন্ত যমুনাক।
কৰিলেক স্নান আৰো যত যাত্ৰীজাক॥২০৯১
তাতো জলাঞ্জলি শ্ৰীশঙ্কৰে কৰিলন্ত॥
পুনৰপি গোকুলক লাগি লৰিলন্ত॥
পাইলন্ত শঙ্কৰ যেবে গোকুলক যাই।
আনৰ মহিমাচয় কহন নযায়॥২০৯২