পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৭
তৃতীয় খণ্ড

তাসম্বাৰ দেখি আতি সিহৰিল নোম।
আকাশৰ হন্তে দেৱ সিঞ্চাৱে কুসুম॥
ৰত্ন বিৰচিত দ্বাৰ গৃহৰ আৰম্ভ।
বৈদুৰ্য্য মন্দিৰ গৃহ লগাই আছে তম্ভ॥২০৮২
বিশ্বকৰ্মে নিৰ্ম্মি আছে কৰিয়া যতন।
ৰত্নে বিৰচিত থল কৃষ্ণৰ ভৱন॥
যাহাতে পশিলে বৃদ্ধসবো যুৱা হয়।
দশ দিকপালে তাক উপাসি থাকয়॥২০৮৩
সমস্ত আৱৰি যদুগণে তৈতে আছে।
পৰৰ অদ্ভুত তিনিজনে চাহি পাচে॥
দৃষ্টে দেখে তভো বোলে দেখিলো সপোন।
কণাকণি কৰি কথা কৱে তিনিজন॥২০৮৪
বোলে কৈত আছো ঐক আইলো কিবা কাজে।
কিবা পথে আছো কিবা আছো ঘৰমাজে॥
গুণি তাৰসবে একো নাহি পাৰতৰ।
স্বৰ্গক দেখিলো কিবা বৈকুণ্ঠ নগৰ॥২০৮৫
আমাৰ লগত দেখো নাহিকে শঙ্কৰ।
প্ৰকাশয় দেখো সেহি শয্যাৰ উপৰ॥
জানিলোহো এন্তে কৃষ্ণদেৱ নাৰায়ণ।
কণাকণি কৰি যেবে আছে তিনিজন॥২০৮৬
নগৰে সহিতে পুনু অন্তৰ্দ্ধান ভৈলা।
আৰবাৰো শঙ্কৰক নমস্কাৰ কৈলা॥