পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৬
গুৰুচৰিত

তেহ্ল ভাবে দেখি সিটো পুৰৰী প্ৰকাশ।
যত লতা লাগিছে সি গৃহৰ আভাষ॥২০৭৬
থানে গানে উপবন দীঘি সৰোবৰ।
তাহাৰ মধ্যত দেখে আছয় শঙ্কৰ॥
যোড়শ হাজাৰ দিব্য জ্বলয় আবাস।
দেখিয়া সাক্ষাতে যেন সূৰ্য্যৰ প্ৰকাশ॥২০৭৭
কিবা চন্দ্ৰ সূৰ্য্য কিবা থানৰ জেউতি।
লক্ষিবাক নপাৰয় সিসবৰ গতি॥
তাৰ মধ্যে এক গ্ৰন্থ পৰম শোভন।
দেখিবা মাত্ৰকে মোহে সমস্তৰে মন॥ ২০৭৮
কিবা স্বৰ্গ বৈকুণ্ঠ নজানে তাৰ থিতি।
আখিত জিলিকে সিটো থানৰ জেউতি॥
সেহি গৃহ মধ্যে এক কন্যা মনোহৰ।
পৃথিবীমণ্ডলে তাৰ নুহি পটন্তৰ॥ ২০৭৯
ত্ৰিভুৱনে খ্যাত জানা মাধৱৰ জায়া।
তত্তুল্য শৰীৰ লক্ষ্মী এবে একে কায়া॥
দিব্য ৰত্নশয্যা মাজে আছে তেন্তে বসি।
প্ৰকাশে শৰীৰ যেন কোটি সূৰ্য্য শশী॥২০৮০
সেহি শয্যা মাজে পাছে শঙ্কৰক দেখি।
চাহি আছে তাৰাসবে ক্ষণেক নেদেখি॥
চতুৰ্ভিতি উপাসয় যত পাৰিষদ॥
তথাতে মিলিল আসি বৈকুণ্ঠ সম্পদ॥২০৮১