পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৫
তৃতীয় খণ্ড

পশ্চিমৰ মুখে বসি পদ্মাসন তিৰি।
সমুদ্ৰত শুনিলন্ত বৰ গিৰিগিৰি॥
শঙ্কৰে বোলন্ত চক্ষু মুদিয়োক তিনি।
ঢাকিলেক নেত্ৰ হাতে হেন কথা শুনি॥২০৭১
যেতিক্ষণে তাৰাসবে আখিক মুদিল।
বসিবাৰ থান হতে শঙ্কৰ উঠিল॥
কতোবেলি চক্ষু মেলি তিনিয়ো দেখিলা।
শঙ্কৰক নেদেখিয়া বৰ ভয় ভৈলা॥২০৭২
পূৰুব পশ্চিম উত্তৰক চাহিলন্ত।
সাগৰ মাজত এক পুৰুষ দেখন্ত॥
কিবা স্বৰ্গে আছে কিবা আছয় পাতালে।
তিনিয়ো ভকতে একে প্ৰমাণ নপালে॥ ২০৭৩
কেহো বোলে জানা আমি দেখিলো সপোন।
নিশ্চয় কহিবে নপাৰয় কোনো জন॥
আপুনাৰ দেহাৰ চেষ্ট ক পাসৰিলা।
সমুদ্ৰ মধ্যত যিবা পুৰুষ দেখিলা॥ ২০৭৪
মনে বোলে এহেন্তেসে আমাৰ শঙ্কৰ।
নিহালি চাহন্তে পাচে তান কলেৱৰ॥
সাগৰ মাজত দেখিলেক দিব্য পুৰী।
সুৱৰ্ণৰ সূৰ্য্য সম গৃহে আছে জুৰি॥ ২০৭৫
ভয়ঙ্কৰ যেন এক আছয় পৰ্বত।
তাক আৱৰিয়া আছে বৃক্ষলতা যত॥