পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৪
গুৰু-চৰিত

চৈত্ৰ বিষু সংক্ৰমণ আসিয়া মিলিষ।
সেহিদিনা ৰুক্মিণীৰ মন্দিৰ উঠিব॥২০৬৫
দেখিবোহো সৰ্ব্বলোকে মন্দিৰ বিশেষ।
হইবেক মঙ্গল পূণ্য সিজিব অশেষ॥
সৰ্ব্বজয় বলৰাম আৰু পৰমানন্দ।
পুছিল কাতৰে কথা কৰিয়া আনন্দ॥২০৬৬
দ্বাৰকা সহিতে আমি যেন দেখা ঘৰ।
তিনিয়ো পাৱত পৰি কৰন্ত কাতৰ॥
শঙ্কৰে বোলন্ত দূৰ কৰা সবে খেদ।
শেষ নৱ দিন গৈলে দিবো পৰিচ্ছেদ॥২০৬৭
ৰবিৰাৰ দিনা হইবে বিষু সংক্ৰমণ।
সমুদ্ৰক লাগি সবে কৰিবো গমন॥
বাট চাই তথাতে থাকোহো ৰঙ্গ কৰি।
আমাক কৃপায়ে দেখাইবন্ত দেৱহৰি॥২০৬৮
হেন শুনি তিনিয়ো যাইবাক সাজ ভৈল।
শঙ্কৰ সহিতে সবে ৰঙ্গে চলি গৈল॥
পাইলেক সমুদ্ৰ ৰঙ্গেৰাই চাৰিজন।
ভৈতে যেন ভৈল তাৰ শুনিয়ো কাৰণ॥২০৬৯
প্ৰথম সংক্ৰান্তি বেৰে বহিছা শঙ্কৰ৷
আউৰ দিনা বিষু তিথি ভৈলা শ্ৰেষ্ঠতম॥
প্ৰভাত সময়ে উঠি পাচে চাৰিজন৷
কৰিলন্ত স্নান তেবে আতি ৰঙ্গমন॥২০৭০