পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩২
গুৰু-চৰিত

তোমাক ত্যজিয়া কিমতে বহিৰো
 পুৰুষ তোৰা নিপুণ॥
পাণ্ডাগণে চাই কান্দে গেৰিয়াই
 শঙ্কৰৰো নাহি সুখ।
ভক্তসকলক ত্যজন্তে মনত
 মিলে আতি মহাদুখ॥২০১৭
শঙ্কৰে বোলন্ত নকৰা ক্ৰন্দন
 অল্পতে আমাক পাইবা।
অপুনৰ্ভৱক নমস্কাৰ কৰি
 তেবেসে গৃহক যাইবা।
উঠা উঠা বুলি ডাকিলা সমূলি
 শুনিয়া সবে উঠিল।
শঙ্কৰ সুমৰি কান্দে দুখ কৰি
 সবাৰো দুখ মিলিল॥২০১৮
ভোগ প্ৰসাদক দ্ৰব্য সমস্তক
 কন্দলী সহিতে লৈলা।
শঙ্কৰে গুৰুক কৰযোৰ কৰি
 নমস্কাৰ পাচে কৈলা।
দেখিয়া কন্দলী দুই বাহু মেলি
 সাৱটি ধৰিলা পাচে।
আনো পাণ্ডাগণ যতেক সমাজ
 বিস্ময়ে চাহিয়া আছে॥২০১৯