পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩০
গুৰু-চৰিত

ভোগ মণ্ডপৰ প্ৰসাদ বিস্তৰ
 দিবন্ত তাঙ্ক সম্প্ৰতি॥২০১১
এহিমতে যেবে দুই ৰাত্ৰি তেবে
 শঙ্কৰ ৰহিলা তথা।
আত অনন্তৰে দেৱ শঙ্কৰৰ
 শুনা যেন ভৈল কথা॥
ক্ষেত্ৰত আছন্ত শঙ্কৰ মহন্ত
 দেই জগন্নাথে সাজ।
নানান দেশৰ লোকে বেঢ়ি চাৱে
 যতেক যাত্ৰী সমাজ॥২০১২
আৰো দিনা বোলে শুনিয়ো সকলে
 যত আছা যাত্ৰীগণ।
ক্ষেত্ৰ হন্তে আবে ময়ো তোৰাসবে
 গৃহক কৰা গমন॥
আজি জানো আবে বৃন্দাবন লাগি
 যাইবাক আছয় মতি।
শুনা সৰ্ব্বজয় শুনা বলৰাম
 মোৰ লগে কৰা গতি॥২০১৩
শুনা সৰ্ব্বানন্দ  কৰিয়া আনন্দ
 চলিয়ো বৃন্দাবনক।
পৰম উত্তম কৰিয়া নিয়ম
 দেখিবা বহু তীৰ্থক॥