পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৪
গুৰু-চৰিত

নুহিবেক ব্যাধি তাৰ নলৰিব দন্ত।
চাৰিও বেদত যিটো বিপ্ৰ প্ৰৱৰ্ত্তত॥১৯৮২
সেহিসে পূজিবে পাৰে জানা শালগ্ৰাম।
শ্ৰীমূৰ্ত্তি ঈশ্বৰৰ নাহিকে উপাম॥
যদি বিপ্ৰে পূজা জল পেলায়ে ভূমিত।
পুৰুষসকল তাৰ নৰকত ধিত॥১৯৮৩
শূদ্ৰসবে পূজিবাক নপাৰয় তাক।
নজানিয়া মূৰ্খ বিপ্ৰে বাধে তাৰ হাক॥
এক ঘৰে দশ কুৰি থৱে শালগ্ৰাম।
নজানে সিসব মূৰ্ত্তি সাধে কোন কাম॥১৯৮৪
ঈশ্বৰক ত্যাজি কীৰ্ত্তি মাত্ৰ কৰে আশা।
অন্যত্ৰ কৰিয়া মৰে মলমতি নাশা॥
শালগ্ৰাম আছয় আৱৰ শুনিয়োক।
মৎস্যপুৰাণত আৰ প্ৰমাণ লৈয়োক॥১৯৮৫
গৌতমৰ ভাৰ্য্যা ইন্দ্ৰে হৰিল যৈসানি।
ইন্দ্ৰৰ সহস্ৰ যোনি ভৈলা ঋষি বাণী॥
লজ্জা হুয়া পুৰন্দৰ গৃহক নগৈল।
সৰোবৰে পদ্মৰ তন্তুৰ মাজে ৰৈল॥ ১৯৮৬
শশী বোলে গুৰু কৈক গৈল পুৰন্দৰ।
হেন শুনি বৃহস্পতি দিলন্ত উত্তৰ॥
গৌতমৰ ভাৰ্য্যা হৰিলেক তযু স্বামী।
ঋষি শাপ দিলে তেন্তে ভৈলা অধোগামী॥১৯৮৭