পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৯
গুৰু-চৰিত

পাণ্ডাসকলক বোলে তোৰা সব যায়ো।
জগন্নাথ আগে সেৱা আমাৰ জনায়ো॥
হেন শুনি পাণ্ডাসবে আজ্ঞা শিৰে ধৰি।
ক্ষেত্ৰক লাগিয়া গৈলা নমস্কাৰ কৰি॥১৯৫৫
সেহি ৰাত্ৰি শঙ্কৰ তথাতে বহি আছে।
জগন্নাথ আগে পাণ্ডাগণ গৈল পাচে॥
আসিল শঙ্কৰ আমি সবে সেৱা কৈলো।
তোমাৰ নিৰ্ণয় আমি সকলো কহিলো॥১৯৫৬
পাণ্ডাসকলৰ কথা থৈলোহো সংহৰি।
শুনিয়োক জগন্নাথ গৈলা যেন কৰি॥
শঙ্কৰক দেখিবাক কৰন্ত আনন্দ।
মাৰ্জ্জাৰীৰ ৰূপ ধৰি গৈল কৰি ছন্দ॥১৯৫৭
বলভদ্ৰ সুভদ্ৰায়ে জগন্নাথ গৈল।
তিনিটা মাৰ্জ্জাৰী দেখি যাত্ৰী ভয় ভৈল॥
সুৱৰ্ণৰ বৰ্ণ কতো ৰজত নয়।
তাম্ৰ কাংস ৰত্ন কতো ডুমুকা জলয়॥১৯৫৮
শঙ্কৰে প্ৰসাদ খাই অৱশেষ থৈল।
তাকে খাইবে প্ৰতি দাৰুব্ৰহ্ম চলি গৈল॥
শুতি আছে যাত্ৰী তাৰ পশিলেক মাজ।
সুন্দৰ মাৰ্জ্জাৰী দেখিলেক দ্বিজবাজ॥১৯৫৯
কন্দলীয়ো আথবেথ কৰি উঠিলন্ত।
সৰ্ব্বজয় আতৈক চিমিটি জগাইলন্ত॥