পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৮
গুৰু-চৰিত

পাণ্ডাগণে বোলে শুনা দ্বিতীয় ঠাকুৰ৷
জগন্নাথ তুমি সমে নুহিকা বিদুৰ॥ ১৯৪৯
দেখাইলা সপোন ৰাত্ৰি আমাসাৰ আগে।
লৈয়া আসিলাহো প্ৰসাদক মহাভাগে॥
চিনিলো শঙ্কৰ বুলি কহিলো বুজাই।
তোমাৰ ৰূপক তেহে দিলন্ত চিনাই॥ ১৯৫০
শঙ্কৰৰ মোহোৰ নাহিকে ভিন্ন ভাৱ।
তাহানে মোহোৰে জানা এক তুল্য গাৱ॥
প্ৰভাততে কালি তোৰা নৈবেদ্য কৰিবা।
মান্য কৰি শঙ্কৰৰ আগে নিয়া দিবা॥১৯৫১
মোৰ নমস্কাৰ জনাইবাহা তান পাৱে।
ভাহান আমাৰ জানা নাহি ভিন্নভাৱে॥
এহিবুলি আমাসাক দিলন্ত পঠাই।
ভাগ্য ভৈল তোমাসাক তেবে দেখা পাই॥১৯৫২
এহি বুলি পাণ্ডাগণ মৌনে বহি আছে।
শঙ্কৰেয়ো প্ৰসাদক বাণ্টি দিলা পাছে॥
একে মহাপ্ৰসাদৰ নাপাই কেহো অন্ত।
তাত শঙ্কৰৰ হস্ত পদ্ম লাগিলন্ত॥১৯৫৩
বহুত যাত্ৰীক দিল ততো নুটুটিল।
হেন দেখি সব লোকে বিষ্ময় মানিল॥
শঙ্কৰৰ প্ৰভাৱৰ নাপাই কিছো অন্ত।
যাহাৰ মায়াক ব্ৰহ্মা হৰে নজানন্ত॥১৯৫৪