পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৪
গুৰু-চৰিত

সিবেলাত যাত্ৰীসবে পাসৰিলা দেহ।
আপুনাৰ গাৱৰ গুচিল যত স্নেহ॥১৯২৭
কিবা ব্ৰহ্ম ঈশ্বৰ নজানে একো নৰে।
শঙ্কৰক গঙ্গাদেৱী বহু স্তুতি কৰে॥
গঙ্গা হেন বুলি তাঙ্ক কেহো নিচিনিল।
শঙ্কৰ গঙ্গাৰ মায়া সবাক মুহিল॥১৯২৮
কতো বেলি থাকি দেৱী ভৈল অন্তৰ্দ্ধান।
শঙ্কৰ উঠিলা তীৰে জলে কৰি স্নান॥
এহিমতে তেবে নৱদিন আছা বহি।
আৰ গোট যাত্ৰীয়ো তথাতে গৈলা বহি॥১৯২৯
স্নান দান কৰিয়া তথাতে লৰি গৈল।
গয়ানামে তীৰ্থ গৈয়া উপসন্ন ভৈল॥
স্নান কৰি গয়াত কৰিল পিণ্ডচয়।
পিতৃ পিতামহগণে তৰ্পিতা নিশ্চয়॥১৯৩০
জলাঞ্জলি কৰি পিতৃ গুৰুক তুষিলা।
তিনি ৰাত্ৰি তৈতে গৈয়া বহি ক্ষেত্ৰে গৈলা॥
পৰম কৌতুকে ৰাজমৰ্গে চলি গৈলা।
বলধ উটক বহু লোকক দেখিলা॥ ১৯৩১
পুনু দশদিনে গঙ্গা তীৰ্থক পাইলন্ত।
চাল যাই গাৰ কটকৰ নাহি অন্ত॥
গঙ্গা হয়ে একৈশ দিবসে ক্ষেত্ৰ পাইল।
আঠাৰ নালাত গৈয়া পাচে প্ৰবেশিল॥১৯৩২