পৃষ্ঠা:গুৰুচৰিত.djvu/৪১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৯
গুৰু-চৰিত

শঙ্কৰে বোলন্ত গুৰু হয়োক যতন।
পৰশুই দিনা আমি কৰিবো গমন॥
আমাৰ লগত চলি যাইবা মিতা গুৰু।
যাইবে লাগে চলি যাত্ৰী বহুতৰ আৰু॥১৮৪৫
নৰোত্তম গুৰুৰ লগাইবে অস্থিচয়।
কৰিবেক গঙ্গা স্নান মিতা মহাশয়॥
এহি শুনি কন্দলীয়ো চলি গৈলা ঘৰে।
খনটা গুদুৰি টোপ লৈলন্ত শঙ্কৰে॥১৮৪৬
সৰ্ব্বজয় বলৰাম আৰু পৰ্ব্বানন্দে।
দামোদৰ শ্ৰীৰাম দুয়ো চলিলা আনন্দে॥
যাৰ যিবা সোণা টকা ঘৰে আছিলন্ত।
পৰম কৌতুকে ভক্তসকলে লৈলন্ত॥১৮৪৭
দুই বিংশ তোলা সোণা দেৱ শঙ্কৰৰ।
লৈল সুৱৰ্ণক ৰামৰাম বিপ্ৰবৰ॥
একাশী তোল লৈলা কন্দলী মহামতি।
খনটা গুদুড়ি তেহো লৈলন্দ সম্প্ৰতি॥১৮৪৮
আখ বেথ কৰি গোসাই কন্দলীয়ে পাইল।
অষ্টাদশ তোলা সোনা তহিতে মিলিল॥
সবন্ধু বান্ধৱ অনাইলন্ত মাতি।
পৰম বিষাদে তাকে কান্দন্ত সম্প্ৰতি॥১৮৪৯
দেখি ডেকাগিৰি সবাহাঙ্কে নিবেদিল।
একো বন্ধু বান্ধৱক কান্দিতে নেদিল॥