পৃষ্ঠা:গুৰুচৰিত.djvu/৪১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৪
তৃতীয় খণ্ড

এহিমতে তান ক্ৰিয়া যেবে সাজ ভৈল।
এক দুই কৰি তেব বৎসৰ যে গৈল॥১৮১৭
ৰামৰাম গুৰু সমে পাচে আলোচিয়া।
ক্ষেত্ৰক যাইবাক লাগি উদ্যম কৰিয়া॥
টকা সোণাচয় লৈয়া ক্ষেত্ৰে চলি যাইবো।
পিতৃৰ মাতৃৰ অস্থি গঙ্গাত লগাইবো॥১৮১৮
ৰামৰামে বোলে বাপু মই চলি যাইবো।
আমাৰ পিতৃৰ অস্থি গঙ্গাত লগাইবো॥
শঙ্কৰে বোলন্ত বিলম্বত কাৰ্য্য নাই।
তিনি পিতামহ তাকে আনিলা মতাই॥১৮১৯
ক্ষেত্ৰক যাইবাক মোৰ হুয়া আছে মন।
মনুৰ বৰক লাগি কৰিয়ো যতন॥
ৰামচন্দ্ৰ কায়স্থ আছয় কুমাৰ।
মহা শুদ্ধমতি সিটো মাতৃ আছে তাৰ॥১৮২০
তাঙ্ক বিহা দেওঁ কন্যা সাত বৎসৰৰ।
হেন শুনি জয়ন্তেয়ো দিলন্ত উত্তৰ॥
আপুনি সৰ্ব্বজ্ঞ তুমি সমস্ততে জানা।
ই কাৰ্য্যল লাগি কেনে আমাসাক আনা॥১৮২১
দিয়ে কন্যা খানি বিহা হৰিয়ো সুন্দৰ।
মনুৰ হৰিৰ একে তুল্য কলেৱৰ॥
আমাৰ ঘৰত ৰৈব তাৰ কেউ নাই।
হৰিয়ো মাতৃয়ো জানো ৰৈব এহি ঠাই॥১৮২২