পৃষ্ঠা:গুৰুচৰিত.djvu/৩৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৪
গুৰু-চৰিত

বাহ্ৰভূঞা বোলে ধন্য ধন্য ডেকাগিৰি।
জয় জয় শৱদ কৰয় লোকে বেঢ়ি॥ ১৭৩৫
জগতৰ দু্খ দূৰ এখনে কৰাই।
তুমি সম উপকাৰী ব্ৰহ্মাণ্ডত নাই॥
তোমাৰ যশস্যা ৰৈল চন্দ্ৰ দিবাকৰ।
বুলিবে অদ্ভুত কৰ্ম্ম কৰিলা শঙ্কৰ॥১৭৩৬
কটকসকলে হৰিধ্বনি কৰিলেক।
ভূঞাগণ সমে তেবে গৈলন্ত গৃহক॥
বাল্য বৃদ্ধ যুবা সমে সিটো কথা শুনি।।
শঙ্কৰক প্ৰশংসা কৰিলা ভিনি ভিনি॥ ১৭৩৭
শুনা সভাসদ বৰ শঙ্কৰ চৰিত্ৰ।
শুনিবা মাত্ৰকে হোৱে পাপীয়ে পৱিত্ৰ॥
হেন জানি গুৰুৰ চৰিত্ৰ কৰা সাৰ।
তেবেসে তৰিবা ঘোৰ যাতনা নিকাৰ॥ ১৭৩৮
পৰম পাতকী মোত পৰে আন নাই।
চিন্তিবোহো পৰম সুহৃদ গুৰু পাই॥
নজানো তোমাক মই কিনো অগিয়ান।
দাস হেন মানি তুমি কৰা পৰিত্ৰাণ॥ ১৭৩৯
তোমাৰ একান্ত ভৃত্য সব সঙ্গ হোক।
এহি অনুগ্ৰহ প্ৰভু কৰিয়োক মোক॥
জন্মে জন্মে তবু চৰণৰ হৈবো দাস।
তেবেসে পাপীৰ মোৰ জীৱ নোহ নাশ॥১৭৪০