পৃষ্ঠা:গুৰুচৰিত.djvu/৩৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭২
গুৰু-চৰিত

এহি শুনি ৰাধিকায়ে হাতে কোৰ ধৰি॥
খানিয়া মৃত্তিকাচয় লৈলা পলো ভৰি॥ ১৮২৪
আজ্ঞা শিৰে ধৰিয়া জানত মাটি দিল।
পেলাইলা মাত্ৰকে জান তেখনে নবৈল।
দেখি সৰ্ব্বলোকে জয়ধ্বনি কৰিলন্ত।
সুৱৰ্ণৰ ডলুৱা যে শঙ্কৰে দিলন্ত॥ ১৭২৫
দুই খাৰু আনি দিলা গুৰু ৰজতৰ।
দিলন্ত শঙ্কৰে পাচে ৰাধিকাক বৰ॥
তোৰ ঊৰ্দ্ধ পুৰুষ আছিল যতমান।
পাচক লাগিয়া বংশ হুই যিবা জন॥ ১৭২৬
নাহিকে পুৰুষ চিহ্ণ নংপুংসক নয়।
দুইহন্তৰো জনিবা তেহ্ণয় নাহিকয়॥
শঙ্কৰৰ পাশে নিয়া বাসা সাঞ্জি দিলা।
ৰাধিকাৰ সবংশকে তহিতে আনিলা॥ ১৭২৭
ভাৰ্য্যা স্বামী দুয়ো কৃষ্ণ চৰিত্ৰক শুনে।
প্ৰবৰ্ত্তে ধৰ্ম্মে দুয়ো পৰম নিপুণে॥
যতেক পণ্ডিত বিপ্ৰ সমস্তে আছ্ন্ত।
ৰাধিকায়ে সবাহাঙ্কে তোহিকে নিলন্ত॥১৭২৮
শুনা যেনমতে ৰাধিকাৰ বংশ ভৈল।
গৃহে থাকি একদিন শুতিয়া ৰহিল॥
আসিলা ব্ৰাহ্মণ এক দেখিতে সুন্দৰ।
দীৰ্ঘ যে পুৰুষ তেন্তে গৌৰ কলেৱৰ॥ ১৭২৯