পৃষ্ঠা:গুৰুচৰিত.djvu/৩৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৫
তৃতীয় খণ্ড

শুনা সভাসদ কথা আত অনন্তৰে।
তেম্বুৱানী জানে বুৰে শস্য হানি কৰে।
বৈশাখতে জানে বুৰে কৰে হানি।
সবে ৰাজ্য তল যাই জানা তাৰ প্ৰাণী।। ১৬৮৬
সবলোকে ভূঞাসকলক গোচৰয়।
একো ভূঞা তাক লাগি সাহ নকৰয়।।
দেখি সবে লোকে আলোচিয়া চলি গৈলা।
শঙ্কৰৰ আগে গৈয়া উপসন্ন ভৈলা ।।১৬৮৭
প্ৰণামোহো মানে তুমি ভূঞাত প্ৰধান।
কেনমতে বান্ধা যাই তেম্বুৱানী যান।।
শঙ্কৰে বোলয় সবে লোক যোৱা ঘৰ।
হৰিচৰণ নামে দূত পাঞ্চিলা প্ৰখৰ।।১৬৮৮
ভূঞাগণ জান দিয়া আনিয়ো মতাই।
আসোক সমস্তে জান বান্ধিবে ওলাই।।
শঙ্কৰৰ আজ্ঞা সবে দেশত জনাইলা।
সৰে ভূঞগণ জান বান্ধিবাক আইলা ।।১৬৮৯
সমস্ত ভূঞাৰ যত লোক আছে মানে।
দূত পঠাই সবাকে আনিলা তেতিক্ষণে।।
আসিলা কটক কৰে সাজি কোৰ লই।
তেম্বুৱানী জানৰ সমীপ পাইলা গই।।১৬৯০
তাহাৰ নিকট সবে কটক বহিল।
শঙ্কৰক পীৰা পাৰি বহিবাক দিলা।।