পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৫
তৃতীয় খণ্ড

তাহাৰ শুণ্ডত পাচে দুয়ো হাতে ধৰি।
শঙ্কৰেয়ো বল পাচে দিলা টান কৰি॥
এফলীয়া দিয়া শুণ্ড কাটি ওলমিল।
আৰোঁ একগোটা হস্তী আপুনি পৰিল॥ ১৫৯১
পৰিল বুলিয়া তকি নাজানে শঙ্কৰে।
আগৰ গোটক খেদি আইলা তাত পৰে॥
বেগ কৰি শঙ্কৰে গাৱৰ বল দিল।
দুইগোটা দন্ত তাৰ উভাৰি আসিল॥১৫৯২
মুণ্ড আফালিয়া ভৰি আছৰন্তে আছে।
দন্ত ভাঙ্গিবাক মাথে পাৱ দিল পাচে॥
দেখিয়া গুৰুৱে বৰ আনন্দ কৰিলা।
শুনিয়োক তাত পাচে যেন কথা ভৈলা॥ ১৫৯৩
কৌশল ৰাজাৰ সিটো ধৃস সপ্তজন।
কৃষ্ণৰ হাতত যিটো ভৈলন্ত বন্ধন॥
সেহি ফলে আসি ঐত জানা হস্তী ভৈল।
শঙ্কৰৰ হস্তে তাৰ বল টুটি গৈল॥১৫৯৪
আসিল মহিষ দুই বৰ ভয়ঙ্কৰ।
গুৰুৱে বোলন্ত দূৰ খেদিয়ো শঙ্কৰ॥
হেন শুনি ডেকাগিৰি বেগে গৈল ধাই।
শঙ্কৰক দেখিয়া মহিষে খেদি যায়॥ ১৫৯৫
ফোকাৰিয়া বেগে শৃঙ্গ পাতিয়া গৈলন্ত।
শৃঙ্গৰ মধ্যত জাম্প দিয়া উঠিলন্ত॥