পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
গুৰু-চৰিত

দেখিয়া সবাৰে মনে ভৈল হৰষিত।
মাগুৰিয়া গ্ৰামে গৈলা হুয়া আনন্দিত॥১০০
এথাতে পৰম ৰঙ্গে ৰৈল কতো দিন।
লণ্ডাদেৱৰ আয়ু সব জানা ভৈল ক্ষীণ॥
উজাইবাৰ পৰা সাত মাস যেবে ভৈল॥
পালটিয়া চণ্ডীবৰ কনৌজক গৈল॥ ১০১
যত পৰিয়াল তৈত এৰি আসিলন্ত।
তাক আনিবাক প্ৰতি নৌকাত গৈলন্ত॥
কতোদিনে কনৌজপুৰক যাই পাইলা।
পিতৃক দেখিয়া পাচে প্ৰণাম কৰিলা॥১০২
চৌদ্ধয় ঘৰৰ জানা আছে গৈয়া লোক।
পিতৃ নাপৰিয়া শুনি বৰ ভৈল শোক॥
হৰি হৰি পিতৃ জানো মোক এৰি যায়।
তুমি হেন পিতৃ আৰু কহিত নাপায়॥ ১০৩
পৰম সন্তাপে আতি কান্দে দেৱীদাস।
পৰম সন্তাপে আতি তেজন্ত নিশ্বাস॥
হেন শুনি লণ্ডাদেৱে তাঙ্ক বাধিলন্ত।
পিতৃৰ বচন শুনি দুখ তেজিলন্ত। ১০৪
শোক তেজি চণ্ডীবৰে সুস্থ লভি যায়।
সংস্কাৰ কাষ্ঠচয় কৰি এক ঠাই॥
মাঘ মাসা একাদশ দিন যেবে গৈল।
কৃষ্ণা চতুৰ্দ্দশী তিথি সোহ দিনা ভৈল॥১০৫