পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪১
তৃতীয় খণ্ড

কান্ধত উত্তৰী সুৱৰ্ণৰ নৱগুণ।
দেখিলো সুন্দৰ সিটো পুৰুষ নিপুণ॥
মোক বোলে শুন ওৰে বিপ্ৰ ৰামৰাম।
শৰণ নকৰি তই কৰ কিবা কাম॥ ১৫৬৯
ঈশ্বৰ নভজে যিটো পাপী দুৰাশয়।
দেৱী পুজা কৰি ঘোৰ সংসাৰে মজয়॥
মই বোলো কাত আবে পশিবো শৰণ।
শুনিয়া ব্ৰাহ্মণে মাতিলন্ত তেতিক্ষণ॥ ১৫৭০
জগত ঈশ্বৰ যিটো দেৱতাৰ দেৱ।
ব্ৰহ্মা হৰ সনক সনন্দে কৰে সেৱ॥
তেহেন্তে শঙ্কৰৰূপে ভৈলা অৱতাৰ।
জন্মি শূদ্ৰকুলে ভক্তি কৰিব প্ৰচাৰ॥১৫৭১
এহিসে কাৰণে হৰি আসিল ইবাৰ।
মইসে শঙ্কৰ তোত কহিলোহো সাৰ॥
নোহো মই শূদ্ৰ ছদ্মবেশক ধৰিলো।
ব্ৰাহ্মণ স্বৰূপে দেখা তোৰ আগে আইলো॥ ১৫৭২
প্ৰভাততে তই কালি কৰিবি শৰণ।
নুহিকা শঙ্কৰ ইটো দেখো আনজন॥
ইটো শঙ্কৰ তোৰ যদি হোৱয় মনত।
তেবে আপোনাৰ ৰূপ দেখাওঁ এথাত॥ ১৫৭৩
এহি বুলি ধৰিলন্ত ৰূপ শঙ্কৰৰ॥
পৰম লাৱণ্য মূৰ্ত্তি দেখিতে সুন্দৰ॥