পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৩
তৃতীয় খণ্ড

জয় জয় শঙ্কৰ বুলিয়া ৰোল কৈল।
সূত্ৰ বুলি আছতে যে চাৰিভু্জ তৈল॥
সভাসদ লোক দেখি বিস্ময় ভৈলন্ত।
কুসুক তনয় পাচে বাহু ঢাকিলন্ত॥ ১৫২৫
গীত সূত্ৰ শ্লোক কথা ভাৱে ভাৱে যাই।
ঐত যেন ভৈল হেন হাততে দেখাই॥
আৰো গীতে ঈশ্বৰৰ বৰ্ণাইলন্ত চিহ্ন।
শ্লোক বুলি ৰূপক দেখাইলা কৰি ভিন্ন॥ ১৫২৬
ছত্ৰাকাৰ মাথাত যে বস্ত্ৰে শোভে তাত।
সুৱৰ্ণৰ কীৰিটি যে শোভয় মাথাত॥
প্ৰকাশ কৰয় ৰত্ন চূড়ামণি যুত।
শিৰভাগে প্ৰকাশয় সুন্দৰ মুকুট॥ ১৫২৭
কপাল মধ্যত জেঠি অধিকে সুহাই।
দুই ভ্ৰূৰ লানি এক চিনন নযায়॥
পদ্ম সম নেত্ৰ দেখিবাক মনোহৰ।
তিল ফুল সম নাসা দেখিতে সুন্দৰ॥ ১৫২৮
ৰুচিকৰ কৰ্ণে আতি কুণ্ডল ডোলয়।
পাণ্ডুবৰ্ণ গণ্ডস্থল অধিকে শোতয়॥
নীলবৰ্ণ কণ্ঠ তাতে কৌস্তুভৰ জালা।
কৰন্ত প্ৰকাশ গজ মুকুতাৰ মালা॥ ১৫২৯
বৈজয়ন্তী মালা তাৰ উপৰে প্ৰকাশ।
পঞ্চবৰ্ণ বনমালা দেখি মিলৈ হাস॥