পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৮
গুৰু-চৰিত

আপুনি শঙ্কৰে সূত্ৰ বুলিলা চিনাই।
বস্ত্ৰ আৰ কৰি আৰো মহতা লগাই॥ ১৪৯৭
দিলন্ত প্ৰবেশ ৰামৰাম যে গোসাই।
অঙ্গী ভঙ্গী কৰি নাচে চৰণ চলাই॥
হৰৰ মুখাক পিন্ধি ৰঙ্গে ধ্বজা গৈলা।
আৱৰ বৈকুণ্ঠক নিয়া তাঙ্ক থাপি থৈলা॥ ১৪৯৮
তেহাঁৱে অনন্ত শয্যা মাজে বসি আছে।
আৱৰ প্ৰবেশ যেবে ভৈল আসি পাচে।
লক্ষ্মণ হুয়াছে এক বৈকুণ্ঠৰ পতি।
প্ৰবেশক লাগি গৈল কৰি লীলা গতি॥ ১৪৯৯
আৰকা মতাক লগাই বস্ত্ৰ ধৰিলন্ত।
লক্ষ্মণেয়ো নাচি পাচে প্ৰবেশ দিলন্ত॥
সূত্ৰধাৰ শঙ্কৰেও বচনে চিয়াই।
আৰো বৈকুণ্ঠত বসিবাক দিলা ঠাই॥ ১৫০০
গায়নসকলে গীত আনন্দতে গাই।
সমজ্যায়ে যেন বৈকুণ্ঠক আছে পাই॥
নজানিলে সভাসদে কিবা ৰাত্ৰি দিন।
দেখি বৈকুণ্ঠক যেন পাত ভৈল ক্ষীণ॥ ১৫০১
নাৰীসবে নিচিনয় কোন জন স্বামী।
সবে হস্তে যেহেন ভৈলন্ত মোক্ষগামী॥
বালকে নিচিনে কোনজন মাৱ বাপ।
সমস্তৰে শৰীৰৰ অন্তৰিল পাপ॥ ১৫০২