পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
তৃতীয় খণ্ড


 শিৰৰ নটুৱা যেৱে লক্ষণ ভৈলন্ত।
দোহাৰত যদুৱে হহৰিয়ে নাচিলন্ত।।
সতানন্দ বলো ৰামচৰণে নাচন্ত।
নিত্যানন্দ গায়নে গীতক লগাৱন্ত।। ১৪৯২
প্ৰথমৰ প্ৰবেশ দিবাৰ বেলি ভৈল।
মতাক লগায়া দিন সম কৰি থৈল।। .
কুটিলা জোৰাক তাক কোঙ্গাৰা কৰিল।
কানিৰ আৰিয়া লগাই অগ্নি গেৰা দিল।। ১৪৯৩
বিচিত্ৰ পামৰি বস্ত্ৰে আৰ কৰি ধৰি।
প্ৰথমে প্ৰবেশ নিলা শঙ্কৰ শ্ৰীহৰি।।
ৰামৰাম গুৰু পাচে সূত্ৰ দিয়াইলন্ত।
অঙ্গী ভঙ্গী কৰি শ্ৰীশঙ্কৰ যে নাচন্ত।। ১৪৯৪
নটুৱাসৱক এৰি সবে তাঙ্ক চাই।
নাচে কাচে শঙ্কৰৰ সম কেহো নাই।।
সৰ্ব্বজয় আতৈ মুখা পিন্ধিয়া গৈলন্ত।
লাম্ফ দিয়া শঙ্কৰে উপৰে উঠিলন্ত।। ১৪৯৫
সাক্ষাতে গৰুড় যেন দেখিতে সুহাই।
শঙ্কৰ বসিলা পট বৈকুণ্ঠত যাই।।
অনন্ত শয্যাক তাত লেখিয়া আছন্ত।
পাৰিষদগণে তৈতে উপাসা কৰন্ত।৷ ১৪৯৬
ব্ৰহ্মাৰ মুখাক সন্ঢৰায়ে পিন্ধি গৈলা।
ৰামৰাম গুৰুৰ প্ৰবেশ যেবে ভৈলা।।