পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
গুৰু-চৰিত

আৰো দুই জন জানা ঈশ্বৰক লাগে।
ৰামৰাম গুৰুক মাটিয়া নিলা আগে ৷৷ ১৪৮৬
এক বৈকুণ্ঠৰ নাথ তাঙ্কে কৰিলন্ত ৷
আৰো বৈকুণ্ঠৰ নাথ আপুনি ভৈলন্ত ৷৷
শঙ্কৰে বোলন্ত বাহু লাগে চাৰি খান।
শুনা কেতাই গৰুড়ৰ মুখা এথা আন ৷৷ ১৪৮৭
ধৈমালি এৰিলে প্ৰবেশৰ বেলা হয়।
ৰঘু সনাতনে আৰে আক ধৰিছয় ৷৷
নাট ধৈমালি চোট ধৈমালিক বাইলা।
বৰ ধৈমালিক বাই লোকক তুষিলা ৷৷ ১৪৮৮
বৰ ধৈমালিত পাঞ্চগোটা বাইলা খোল।
বাসুকীমণ্ডলী বাদ্য বাইবাক লাগিল ৷৷
পাচে ধৰিলন্ত দেৱ ধৈমালিক গই।
আগে পাচে নৱগোটা খোল গুৰু লই ৷৷ ১৪৮৯
আঠভুজ বেকত কৰিলা তেতিক্ষণ।
লগায়া দিলন্ত মতা পৰম শোভন ৷৷
দিন সম কৈল সিটো সভাৰ প্ৰকাশ।
বিপ্ৰসকলৰ গৰ্ব্ব কৰিলন্ত নাশ ৷৷ ১৪৯০
ৰামৰাম গুৰু সৰ্ব্বজয় দেখিলন্ত।
অষ্টভুজ ভৈল বুলি কহো নজানন্ত ৷৷
দেখিয়া সবাৰো আতি হৰষিত মন।
ধন্য ডেকাগিৰি বুলি ঘোষে সৰ্ব্বজন ৷৷ ১৪৯১