পৃষ্ঠা:গুৰুচৰিত.djvu/৩২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১০
গুৰু-চৰিত

যাওক দে্খিয়া পাচে কুসুমনন্দন।
আগবাঢ়ি খালত নামিলা তেতিক্ষণ॥১৪১৭
আলিৰ খালত হস্তীগোটও লুকায়।
আসন্ত খেদিয়া দুষ্টে পৰম নিৰ্ভয়॥
পশ্চিমক বেগে যেন জল বহি যায়।
প্ৰচণ্ড বতাহে যেন আজি উলটাই॥ ১৪১৮
শঙ্কৰক দেখি তাৰ বেগ থমকিল।
দিব্য চতুৰ্ভুজ ৰূপ তেখনে ধৰিল॥
শঙ্খ চক্ৰ গদা পদ্ম আছে তাৰ হাতে।
কম্বলীধৰায়ে ৰূপ দেখিলা সাক্ষাতে॥ ১৪১৯
শ্ৰীবৎস কৌস্তুত গজ মুকুতাৰ হাৰ॥
বাণ্ডৰ চকুত চটা লাগিল তাহাৰ॥
মালতী ফুলৰ মালা হাতে তুলি ধৰি।
খেদি যান্ত বৃষভক আস আস কৰ॥ ১৪২০
আগবাঢ়ি বাণ্ডে শৃঙ্গ পাতিয়া গৈলন্ত।
শঙ্কৰেয়ো পুষ্পমালা মাখে পেলাইলন্ত॥
দুই শৃঙ্গে দুই কৰ্ণে ধৰিলন্ত তাৰ।
শান্ত হৈ ষাণ্ডগোট তেজিলা ফোকাৰ॥ ১৪২১
চৰিয়ো বাহুৱে তাৰ শৃঙ্গ কাণে ধৰি।
কম্বলীধৰায়ে দেখি কাম্পে তৰতৰি॥
পাচক লাগিয়া ছেম্পচিয়া এৰি দিল।
ষাণ্ডগোট গিৰিসিত কৰিয়া পৰিল॥১৪২২