পৃষ্ঠা:গুৰুচৰিত.djvu/২৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮২
গুৰু-চৰিত

ৰামৰাম গুৰু সমে  সানহুৰিয়া অনুক্ৰমে
ডেকাগিৰি গৈলন্ত সিপাৰে।৷
গুৰুপুত্ৰ ৰামৰাম   জিৰাইলন্ত পাই বাম
পাৰ ভৈলা নৌকাত চৰিয়া।
শঙ্কৰে কাষৰ পৰা  পুনু আইলা সান্হুৰিয়া
 অপ্ৰয়াসে চাপিল আসিয়া।৷ ১২৯০
যেহি ঘাটে নামিলন্ত   সেহি ঘাটে চাপিলন্ত
এক পাচ ন্যূনাধিক নাই।
নভৈল উজান ভাটি  দেখিয়া বালক ষাঠি
তধা দিয়া বসি আছে চাই।৷
শঙ্কৰে হৰিষ মনে   স্নান কৰি তেতিক্ষণে
 ৰৈলা আসি আপুনাৰ ঘৰে।
পৰম পুৰুষ হৰি  ছদ্মৰূপে অৱতৰি
মনুষ্যৰ মতে লীলা কৰে।৷১২৯১
ব্ৰহ্মপুত্ৰ জল বৰ  দেখস্তাৰ লাগে ডৰ
আতিশয় বহুল বিস্তাৰ।
কিনো বিপৰীত শক্তি  ছদ্মৰূপে মহামতি
ভৈল তাৰ ইপাৰ সিপাৰ।৷
দেখা কেনে বিপৰীত  ভাদ্ৰ মাস লৌহিত্যত
 সান্হুৰিয়া কোনে হুইবে পাৰ।
ঈশ্বৰৰ চেষ্টাচয়   দেখাৱন্ত কৃপাময়
নাহি সীমা আদি অন্ত যাৰ৷৷ ১২৯২