পৃষ্ঠা:গুৰুচৰিত.djvu/২৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
গুৰু-চৰিত

শঙ্কৰে মাতিলা ওবা গুৰুপুত্ৰ বুলি।
আসা এহি নৌকাক বামত থওঁ তুলি॥
কালি আমি গাৱ ধুইবো আকে নমাই লৈয়া।
আজি ৰঙ্গে থাকোহো গৃহত সবে গৈয়া॥১২৭৬
এহি বুলি শঙ্কৰে নৌকাক হাতে ধৰি।
একেশ্বৰে নিলা টানি আনন্দিত কৰি॥
অনন্তৰে শঙ্কৰে বুলিলা এক বাণী।
আনা গুৰুপুত্ৰ তুমি টানি সিয়োখানি॥১২৭৭
পঞ্চিশ পঞ্চিশজন লোক ধৰে তাত।
ধৰিলা একলে গুৰু দিয়া বামহাত॥
পাচে নৌকা টানি আনিলেক সেহি দুই।
ভাগৰিল গাৱ এৰিলন্ত শ্ৰান্ত হুই॥১২৭৮
সমস্ত বালকে ৰঙ্গে কৰিলন্ত হাস।
শঙ্কৰে সাৱটি ধৰি কৰিলা আশ্বাস॥
হেনমতে খেলা কৰি গৈলা সবে ঘৰে।
মহামনসুখে ৰঙ্গে থাকিলা শঙ্কৰে॥১২৭৯
যিটো নিৰাকাৰ জগতৰ আদিভুত।
ছদ্মৰূপে ভৈলা আসি কুসুমৰ সুত॥
কলিত নাহিকে গুৰু তান্ত বিনে আন।
তথাপি নভজে লোকে খাইলে আখি কাণ॥১২৮০
আক একচিত্ত মনে গুনা সৰ্ব্বজন।
কৃষ্ণ নাম গুণ কৰা শ্ৰৱণ কীৰ্ত্তন॥