পৃষ্ঠা:গুৰুচৰিত.djvu/২৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৭
দ্বিতীয় খণ্ড

ইমত কাৰ্য্যক আমি নকৰিবো আৰো ।
বাপ-মাৱ খাইবোহো তোমাক যদি মাৰো ॥ ১২১৫
বুলিলন্ত শঙ্কৰে মাৱৰ মুখ চাই ।
চৰণত ধৰো দুখ নকৰিবা আই ॥
শঙ্কৰক চাই বুঢ়ী বুলিলা দুনাই ।
ঘনে ঘনে সাৱটি মুখত চুমা খাই ॥ ১২১৬
পাৱে ধৰো শিৰে কৰো নকৰিবা ৰোষ ।
মাৱৰীয়া বাপ মোৰ এৰা ইটো দোষ ॥
কুলৰ প্ৰদীপ মোৰ তেজা দুখ তাপ ।
হুইবো তযু দাসী মই জন্মে জন্মে বাপ ॥ ১২১৭
কাতৰ কৰোহো বাপ চৰণত ধৰো ।
তোমাৰ নেচনি মই কুলক্ষণী মৰো ।
কতো বেলি শঙ্কৰে আছিলা মনসুখে ।
মাৱক ধৰিয়া চুমা দিলা মুখে মুখে ॥১২১৮
শঙ্কৰে বুলিলা দুনাই গোসানীক চাই ।
এত বৰ দুখ তুমি কিক কৰা আই ॥
হেন কথামাতে তাঙ্ক তুমি তুষিলা শঙ্কৰে ।
এক অদভূত কথা শুনা আতপৰে ॥ ১২১৯
সেহি ৰাত্ৰি আইলা এক ভয়ঙ্কৰ সৰ্প ।
শঙ্কৰৰ ঘৰত সোমাইলা কৰি দৰ্প ॥
বুঢ়ীআই চান্দেৰী দেখিয়া ভৈলা ত্ৰাস ।
বোলে হৰি হৰি বিধি ভৈলো সৰ্ব্বনাশ ॥ ২২২০