পৃষ্ঠা:গুৰুচৰিত.djvu/২৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
দ্বিতীয় খণ্ড

শঙ্কৰৰ নাম ভৈল জগতে বিদিত।
বৎসৰেক তিনি প্ৰবেশিল এহিমত॥১০৫৪
জয়ন্তা মাধৱ হলায়ুখক যে মাতি।
কৰ্ণ বিন্ধিবাক লাগে আলোচিলা ৰাত্ৰি॥
সণ্ঢৰাক আনি দিন বাৰ গণিলন্ত।
গুৰু জ্ঞাতি মিত্ৰ আনি কুসুম মহন্ত॥১০৫৫
আসিলন্ত দান লৈবে বিপ্ৰ ভাল ভাল।
আনিলন্ত মাতি আৰো ঢোল কৰতাল॥
তাত নাচে মধুৱা নাপিত আসি আছে।
চটাইলন্ত কেশ নখ কাটিলন্ত পাচে॥ ১০৫৬
পিঠিভাগে ভৰি নখত দিলা তুলি।
নাৰীগণে বেঢ়ি ৰঙ্গে দিলন্ত উৰুলি॥
বহুতৰ বিপ্ৰগণে আশীৰ্ব্বাদ কৰি।
শঙ্কৰৰ মাথাত দিলন্ত পুষ্প ভৰি॥১০৫৭
তৈল হৰিদ্ৰাক ঘসি শঙ্কৰৰ পাৱে।
শাৰী হুয়া দেৱী নাম গাৱে নানা ভাবে॥
পাট বস্তু পিন্ধাইলন্ত নোৱাই ধুৱাই আনি।
পৰম আনন্দ মনে বুঢ়ী যে গোসানী॥১০৫৮
উপবাসে মধুৱাই বিন্ধিলে কৰ্ণ।
বস্ত্ৰ অলঙ্কাৰক দিলন্ত পূৰি মন॥
দশ দিগপালক দিল গুৰু হোম।
চৰণে প্ৰণাম পৰি কৰিলা কুসুম॥১০৫৯