পৃষ্ঠা:গুৰুচৰিত.djvu/২৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
গুৰু-চৰিত


গোহাইলন্ত ৰজনী কুসুমে মনে জানি।
চটাইলন্ত কেশ পাচে মধুৱাক আনি॥
এহিমতে কুসুমে আছন্ত হৰিষতে।
শঙ্কৰৰ মুখে চুমা খান্তে আনন্দতে॥১০৪৯
পৰম লাৱণ্য শক্তি ৰূপ সুকুমাৰ।
কৰিলন্ত কুসুমৰ পুৰুষ উদ্ধাৰ॥
বালকৰ লগে ক্ৰীড়া কৰা আতিশয়।
মহাৰঙ্গে আৰস্ফতি কৰিয়া ফুৰয়॥১০৫০
ৰূপে গুণে বোলে তাক সম নাহি কেৱ।
মদ্মৰূপে শিশু সঙ্গে ক্ৰীড়ে প্ৰভু দেৱ॥
বন্ধু বান্ধৱৰ দেখি পৰম আনন্দ।
চন্দ্ৰ সম বদন হাসিত মন্দ মন্দ॥১০৫১
বালকৰ সঙ্গে ৰঙ্গে কৰা সদা ক্ৰীড়া।
সৰ্ব্বদায়ে উমলন্ত নাহি ক্ষুধা পীড়া॥
সমান বালকে তাঙ্ক বলে নোৱাৰয়।
শঙ্কৰে ধৰিয়া তুলি তুলি আস্ফালয়॥১০৫২
হেন লীলা কৰে নিতে শিশুগণ সঙ্গে।
বৃন্দাবনে কৃষ্ণে যেন মিলত ৰঙ্গে॥
ক্ষুধা তৃষ্ণা নগণি খেলয় ৰাত্ৰি দিনে।
সাৰয়বসবাকে একে ৰামৰাম বিনে॥১০৫৩
দেশি কুসুমৰ হৰিষৰ সীমা নাই।
আন বন্ধু বান্ধৱৰ আনন্দ বঢ়াই॥