পৃষ্ঠা:গুৰুচৰিত.djvu/২৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
দ্বিতীয় খণ্ড


পাচগুটি বহিল আঙ্গুলি কৰি পুষ্ট।
তেতিক্ষণে তাৰ গাৱে ওলাইলন্ত কুণ্ঠ॥১০৪৩
বহুতৰ লোক বহি আহি সেহি ঠাই।
গালে মুখে হাত দিয়া আছে সবে চাই॥
কুসুমে লৈলন্ত কোলে শঙ্কৰক তুলি।
দেবীক সুৱৰে লোকে কি দেখিলো বুলি॥১০৪৪
গুচ গুচ পাপিষ্ঠ কুসুমে বোলে বাণী।
লজ্জা হুয়া আপুনি গৈলন্ত মনে জানি॥
চতুৰ্ভূজ গুৰু বোলে শুনিয়ো গোসানী।
পন্থে পন্থে সিঞ্চোক গোবৰ পানী আনি॥১০৪৫
মনদুখে ধিজধৰে গৈলা বাটে বাটে।।
হেন কথা শুনি লোকে কৱে হাটে ঘাটে॥
ইসব কথাক সবে ব্ৰাহ্মণে শুনিলা।
সেহিদিন হন্তে কেহো মাথা নুচুৱাইলা॥১০৪৬
নিলগৰ পৰা দ্বিজ আশীৰ্ব্বাদ কৰে।
সঙ্কুচিত হুয়া থাকে শঙ্কৰক তৰে॥
সেহি ৰাত্ৰি কুসুমক দেখাইলা সপোন।
কেশ চটায়োক পিতৃ বুলিলো বচন॥ ১০৪৭
ব্ৰহ্মধৰী দ্বিজে মোৰ মাথে দিলা হাত
হেন কথা পিতৃ তুমি দেখিলা সাক্ষাত॥
স্বপ্ন দেখি কুসুমে উঠিলা তেতিক্ষণে।
বুঢ়ীআইক কৈলা কথা অসন্তোষ মনে॥ ১০৪৮