পৃষ্ঠা:গুৰুচৰিত.djvu/২২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
দ্বিতীয় খণ্ড

বুঢ়াখায়ে কুসুমক সুমৰাইলা জানি।
সণ্ঢৰাৰ কথা একো ভিলো নাহি হানি॥৯৭২
শঙ্কৰদেৱৰ লীলা এহিমানে গৈল।
সুৰ্য্যবৰৰ প্ৰেতকাৰ্য্য তাত পাচে কৈল॥
মৃত্যু ভৈন পাঞ্চ দিন বাহান্তে চৈত্ৰৰে।
বৈশাখত কাৰ্য্য তেবে কৈলা কুসুম্বৰে॥৯৭৩
আতপৰে কথা আৰো শুনা সৰ্ব্বজন।
শঙ্কৰদেৱৰ পদে কৰা একমন॥
কৃষ্ণ যেন লীলা তৈত কৰিলা বিস্তৰ।
হেনমত কৰ্ম্ম এভো দেখা শঙ্কৰৰ॥৯৭৪
অষ্টমাসে শঙ্কৰৰ দান্ত গজিলন্ত।
মুকুতাৰ পান্তি যেন অধিকে জ্বলন্ত॥
শুনা সৰ্ব্বজন ইটো কথাৰ প্ৰস্তাৱ।
হৃদয়ত বান্ধি ধৰা কৃষ্ণপদ নাৱ॥৯৭৫
তৰিবা কলিত যেবে সংসাৰ সাগৰে।
নেদেখিবা আন গুৰু শঙ্কৰত পৰে॥
পৰম বান্ধৱ মোৰ নাই গুৰু বিনা।
দাস বুলি মোক জানো নামধনে কিনা॥৯৭৬
তুমি বিনে নাই আন কৃপাৰ ঠাকুৰ।
কৰোহো কাতৰ মই পৰম আতুৰ॥
মাধৱাদি ভকতক কৰো নমস্কাৰ।
কৰিবেল মোক ঘোৰ সংসাৰে উদ্ধাৰ॥৯৭৭