পৃষ্ঠা:গুৰুচৰিত.djvu/২২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
গুৰু-চৰিত

লৱৰা লৱৰি কৰি চান্দেৰী মাধই।
সবান্ধৱে বেঢ়ি আৰ্তৰাৱে যে কান্দয়॥
থঠমঠ কৰিয়া শঙ্কৰ আছা বসি।
বল দিয়া টানে পাচে নপৰয় খসি॥ ৯৬৭
হেন দেখি সমস্তৰে কম্পমান তনু।
চাপৰি চাপৰি সবে চাৱে পুনু পুনু॥
বহুতৰে মনুষ্যে ডুলিক তুলি ধৰি।
পেহলাইলন্ত মাটিত আজুৰি কাতি কৰি॥ ৯৬৮
আথে বেথে গোসানীয়ে ধৰিলন্ত তুলি।
হাত ফুৰাই চাহে মাথা ফালিলেক বুলি॥
সিংহবন্ধ স্কন্ধ আতি বজ্ৰসম কটি।
কোলে বসি আছন্ত নকৰা চটিমটি॥ ৯৬৯
সমস্তে গাৱত বুঢ়ী হাত দিয়া চাই।
দেখে শঙ্কৰৰ পাৱে ঘাৱ বিষ নাই॥
বিমোহিত হুয়া সবে আছে নৰ-নাৰী।
অদভুত দেখিয়া হাসয় ৰিঙ্গ পাৰি॥৯৭০
কুসুমেয়ো শঙ্কৰক লৈলন্ত কোলাত।
বুকে বান্ধি ধৰি চুমা দিলন্ত মুখত॥
জয়ন্ত মাধৱে সবে শঙ্কৰক চাই।
কৰন্ত আনন্দ আতি মুখে চুমা খাই॥৯৭১
হলায়ুথ আদি কৰি যত বন্ধুগণ।
সবে লৈয়া শঙ্কৰক কৰয় চুম্বন॥