পৃষ্ঠা:গুৰুচৰিত.djvu/২২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
গুৰু-চৰিত


আনন্দ কৰিয়া লোকে কোবাবয় ঢোল।
কুসুমৰ ঘৰত লাগিল তোল বোল॥
পাঞ্চগোট কলসত ভৰি লৈলা পানী।
শঙ্কৰক নিয়া ৰঙ্গে নোৱাইলা গোসানী॥৯৫৬
ইটো মহোৎসৱ কথা এহিমানে থৈলা।
সভাসদ লোক সবে ঘৰাঘৰি গৈলা।
আত অনন্তৰে কথা শুন যত যত।
সূৰ্য্যবৰৰ আয়ু আবে ভৈলা সমাপত॥৯৫৭
চৈত্ৰমাস পাঞ্চো দিন বহি ৰেবে গৈল।
ভেবে সূৰ্য্যবৰৰ যে মৃত্যু আসি ভৈল॥
সবন্ধু বান্ধৱে মাটিত পৰে লুটি।
জয়ন্তা মাধৱ দুই ভাই কান্দে আতি॥৯৫৮
স্বামীৰ পাৱত ধৰি কান্দে তৃণসুতী।
কান্দে পৰিয়া যতেক পুত্ৰ নাতি॥
বুঢ়াখায়ে কুসুমক বুলিলন্ত বাণী।
মৃতকক ক্ৰন্দন এৰিয়ো তুমি জানি॥ ৯৫৯
বিস্তৰ ক্ৰন্দনে মৃতকৰ নাহি হিত।
হেন আনি ভূঞা তুমি থিৰ কৰা চিত॥
সঙ্গস্কাৰ কাৰ্যক কৰিয়ো এক ঠাই।
দহিয়ো পিতৃ ভূমি লৌহিত্যক যাই॥৯৬০
হেন শুনি কুসুমৰ শ্বস্থ ভৈলা মন।
শৱ লৈয়া তীৰক গৈলেক তেতিক্ষণ॥