পৃষ্ঠা:গুৰুচৰিত.djvu/২২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
দ্বিতীয় খণ্ড

আঠকাঢ়ি ফুৰিবে লাগিলে ছয় মাসে।
বাপ বাপ বুলিয়া যেহেন মাতে হাসে॥৯৩৯
জৰা কুৰা বেলা বাটি হাতে পাৱে যত।
পাইলে ধৰি আস্ফালি কোৱাই কৰে হত॥
মহা কৌতুহলে বাই ফুৰে বৰে ঘৰে।
খণ্ডাহিক তুলি পাইলে উঠয় উপৰে॥ ৯৪০
চোতালন্ত ফুৰন্তে গৰুৰ ধৰে লাঞ্জে।
ওলমিয়া যাৱয় ভৰিয়ে মাটি মাঞ্জে॥
শঙ্কৰক আনয় গৰুক কোবাই খেদে।
লৱয় কোলাত চান্দেৰীয়ে যাইবে নেদে॥৯৪১
হাণ্ডিশাল সোমাই চৰু হাণ্ডি ভাঙ্গে যাই।
দেৱীৰ মূৰ্ত্তিক থৱে মুণ্ড উভতাই॥
ভৰিৰ ঘুগুৰা আতি ৰুণ জুন কৰে।
মঠ জুৰি বসে দেবী মূৰ্ত্তিৰ উপৰে॥ ৯৪২
বেৰ জোলঙ্গাৰে বুঢ়ী নিৰেখি চাৱয়।
বোলে ভিতৰত শিশু কি কাম কৰয়॥
হেন দেখি বুঢ়ীআই আসি বায়ু বেগে।
মাটি নামি শঙ্কৰ বসয় সেহি ছেগে॥ ৯৪৩
কি কৰা কি কৰা বুলি আগে হোৱে থিয়।
দেখি শঙ্কৰক যেন উলাই গৈল জীৱ॥
লণ্ড ভণ্ড হৈল দেশে সিটো হাণ্ডিশাল।
দেবীয় মূৰ্ত্তিক দেখি কৰে মুণ্ড জাল॥

৯৪৪