পৃষ্ঠা:গুৰুচৰিত.djvu/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
দ্বিতীয় খণ্ড

হেন ৰূপ নিৰেক্ষিয়া থাকয় কুসুমে।
নখৱে মাটিত মুখে সৰ্ব্বদায়ে চুমে॥৯১০
হস্ত পাৱ দেখি আতি ললিত বলি।
আঙ্গুলি চম্পাৰ কলি মহা মনোনীত॥
হেন প্ৰভু ভকতৰ চিন্তামণি বিত্ত।
দেখিল মাত্ৰকে হৰে ব্ৰক্ষা হৰ চিত্ত॥৯১৮
যিটো নিৰঞ্জন প্ৰভু আদি জগতৰ।
সেহি প্ৰভু পুত্ৰ আসি ভৈলা কুসুমৰ॥
পিতা পুত্ৰে কুসুমে আনন্দ আতি কৰে।
বন্ধু বান্ধৱৰ আতি আনন্দ নধৰে॥৯১৯
এক দিনা শঙ্কৰক শুৱাই থৈলন্ত।
নৰোত্তম বুঢ়াখায়ো তহিকে গৈলন্ত॥
পদূলি পাইলন্ত যেবে আসি দুয়োজন।
তৈৰ পৰা শঙ্কৰক চাহে ঘনে ঘনে॥৯২০
নাকত আঙ্গুলি দিয়া চাহে দুয়ো পাচে।
দেখে ভয়ঙ্কৰ সৰ্পে ছত্ৰ ধৰি আছে॥
বুঢ়ীআই চান্দেৰী বসিয়া আহা তথা।
নেদেখয় সৰ্পক নজানে ইটো কথা॥৯২১
তথা দিয়া হন্তো বিস্ময়ে আছা চাই।
হৰিল সুৰুতি গাৱে চূৰ্ত্তি বুদ্ধি নাই॥
কুসুম কুসুম বুলি দিলা গুৰু পেৰি।
হেন শুনি সৰো গৈলা শঙ্কৰক এৰি॥৯২২