পৃষ্ঠা:গুৰুচৰিত.djvu/২০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
দ্বিতীয় খণ্ড

হৃষ্ট পুষ্ট কৰি আতি কৰাইলা ভোজন।
বস্ত্ৰ অলঙ্কাৰক দিলন্ত পূৰি মন॥৮৭৩
বিদায় কৰিলা গুৰু গৈল নিজ ঘৰ।
শুনিয়োক কথা আবে আত অনন্তৰ॥
দান লৈবে আসি আছা বিপ্ৰ নিৰন্তৰে।
কহো হেন কথা আবে শুনা সিসবৰে॥৮৭৪
কুসুম বদতি আবে বুঢ়াখা শুনিয়ো।
সোধো এক কথা মোক উপদেশ দিয়ো॥
দিনেকৰে পন্থ হন্তে আসিছে ব্ৰাক্ষ্মণ।
ব্ৰাক্ষ্মণক কেনমতে মই কৰাইবো ভোজন॥৮৭৫
ত্ৰাণক দেখি মোৰ মনে লাগে শঙ্কা।
জোৰে কি নোজোৰে ইটো অল্পতৰ টঙ্কা॥
বুঢ়াখায়ে বোলে মোৰ কথাক শুনিবা।
হইবোহো সহায় আমি চিন্তা নকৰিবা॥৮৭৬
তীৰ জুৰি লোকসব বহি আছা থৰে।
তাহাক দেখিয়া লোক উদবিগ্ন কৰে॥
ভাণ্ডাৰ কৰিয়া আছা বহু ধন বিও।
নকৰিবা ভূঞা চিন্তা থিৰ কৰা চিত্ত॥৮৭৭
গাৱে গাৱে ভূঞায়ে বিপ্ৰক লৈবো বাটি।
আল ধৰন্তেয়ো হেন নলগায় ঘাটি॥
শাৰী কৰি দ্বিজক জোৰাইলা পাচে পাগ।
আউল ধৰি ভূঞায়ে ফুৰন্ত আগে আগ॥৮৭৮

১৩