পৃষ্ঠা:গুৰুচৰিত.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
গুৰু-চৰিত

সূৰ্যবৰে জয়ন্তে আনন্দে চাই আছে।
দুখ তাপ তেজিয়া কুসুমে যেন নাচে॥৬৮৭
বুঢ়াখাক আদি কৰি যত বন্ধুবৰ্গ।
আনন্দে আকুল সবে পাইলা যেন স্বৰ্গ॥
বাহু তুলি তুলি আতি কুসুম নাচন্ত।
আকাশৰ চন্দ্ৰ যেন হাততে পাইলন্ত॥৬৮৮
এহিমতে তৈতে যেবে কুসুম থাকিলা।
সেহিবেলা ৰাত্ৰিগোট আসিয়া মিলিলা॥
এহিমতে গৈলা শুনা সিদিনাৰ কথা।
গুৰুৰ চৰিত্ৰ কহো যায় জন্ম বৃথা॥৬৮৯
দেখা শঙ্কৰৰ কেনে কৰ্ম্ম বিড়ম্বনা।
কুসুমৰ গৃহত অজৰ উতপন॥
শুনা সভাসদচয় গুৰুৰ চৰিত্ৰ।
এক মনে শুনি ভণি হুয়োক পৱিত্ৰ॥৬৯০
গুৰুৰ চৰিত্ৰ শুনিবাক হেলা কৰে।
নাহি নাহি গতি ঘোৰ নৰকত পৰে॥
নৰক ভুঞ্জিয়া হুইবে দূতৰ সঙ্গতি।
হইবেক বিষ্ঠাৰ পোকা পৰম দুৰ্গতি॥৬৯১
জানি শুনি তথাপি অৱজ্ঞা যিটো কৰে।
আত্মঘাতী পাতকী নাহিকে তাত পৰে॥
জনমে জনমে পৰি নৰকে পচিবে।
কোটি কোটি কল্প সিটো যাতনা ভুঞ্জিবে॥ ৬৯২